
* প্ৰথম অসমীয়া চুটিগল্পৰ ৰচক
→ লক্ষ্মীনাথ বেজবৰুৱা।
* প্রথম কথা কবিতাৰ ৰচক
→ যতীন্দ্ৰনাথ দুৱৰা।
* অসমৰ পুৰণি নাম কি ?
→ কামৰূপ (প্ৰাগজ্যোতিষপুৰ)।
* প্রাচীন কামৰূপৰ চাৰিটা ভাগ কি কি
→ (১) ৰত্নপীঠ
(২) কামপীঠ
(৩) স্বর্ণপীঠ আৰু
(৪) সৌমাৰ পীঠ।
* প্ৰথম অসমীয়া অনাতাঁৰ নাট
→ বীণ বৰাগী।
* প্রথম অসমীয়া গল্প সংকলন
→ লক্ষ্মীনাথ বেজবৰুৱা “সুৰভি” (১৯০৯)
* প্ৰথম অসমীয়া ভ্রমণ কাহিনী
→ বিলাতৰ চিঠি (১৯৩৯) লেখক, জ্ঞানদাভিৰাম বৰুৱা ।
* জ্ঞানপীঠ বঁটা বিজয়ী প্রথম অসমীয়া পুথিখনৰ
নাম আৰু লেখক নাম কি?
→ মৃত্যুঞ্জয় (১৯৭৯), বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য।
* সাহিত্য অকাডেমী পুৰস্কাৰ পোৱা অসমীয়া
পুথিখনৰ নাম কি ?
→ “বনফুল" (১৯৫২), যতীন্দ্রনাথ দুৱৰা।
* অসমৰ প্রথম মহিলা আলোচনী
→ ঘৰ জেউতি (১৯২৭) সম্পাদক সালা
কাকতি।
* সাহিত্য অকাডেমী পুৰষ্কাৰ পোৱা প্ৰথম অসনীয়া
উপন্যাসখনৰ নাম কি?
→ ঈয়াৰুইঙ্গম; বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (১৯৮১)
* জ্ঞানপীঠ বঁটা পোৱা দ্বিতীয়গৰাকী সাহিত্যিকৰ নাম
কি?
→ ড° মামণি ৰয়ছম গোস্বামী।
* অসমৰ “সাহিত্যৰথী” কোন?
→ লক্ষ্মীনাথ বেজবৰুৱা।
* অসমৰ “উপন্যাস সম্রাট” কোন?
→ ৰজনীকান্ত বৰদলৈ।
* ২০০৩ চনত অসম সাহিত্য বঁটা লাভ কৰা অসমীয়া
সাহিত্যিকগৰাকী কোন?
→ নিৰুপমা বৰগোহাঞি।
* প্রথম অসমীয়া ছপা পুথিখনৰ নাম কি?
→ ধর্মপুস্তক (১৮১৩), আত্মাৰাম শৰ্মা।
* অসমৰ জাতীয় উৎসৱ কি?
→বিহু অসমৰ জাতীয় উৎসব।
* অসমৰ এটি প্রাচীন কৃষি উৎসৱৰ নাম কি?
→ মিচিংসকলৰ “আলি-আই-লৃগাং” উৎসব।
* অসমৰ প্রথম শিশু আলোচনীখনৰ নাম কি?
→ ‘ল’ৰাবন্ধু' (১৮৮৮), সম্পাদক ঃ কৰুণাভিৰাম
বৰুৱা।
* অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম
কি?
→ আছাম ট্রিবিউন (১৯৪৬), প্রথম সম্পাদক
লক্ষ্মীনাথ ফুকন।
* অসমত প্রথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়?
→ ১৯৪৮ চনত (গুৱাহাটী)
* অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰিকাকতখনৰ
নাম কি?
→ “দৈনিক বাতৰি” (১৯৩৫-৩৬), সম্পাদক ঃ
নীলমণি ফুকন।
* প্রথম অসমীয়া সংবাদ পত্ৰ খনৰ নাম কি ?
→ অৰুনোদই (১৯৪৬-১৮৮২) সম্পাদক ডঃ নাথান
ব্রাউন।
* অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি ?
→ অসমীয়া সাহিত্যৰ বুৰঞ্জী (১৯১২), দেবেন্দ্রনাথ
বেজবৰুৱা।
* সংস্কৃতৰ পৰা অসমীয়ালৈ অনূদিত হোৱা প্ৰথম
নাটকখন
→ শকুন্তলা (লম্বোদৰ বৰা)
*অসম সাহিত্য সভাৰ প্রথম অধিবেশনৰ ক'ত
অনুষ্ঠিত হৈছিল?
→ ১৯১৭ খ্রীষ্টাব্দত, শিৱসাগৰত।
* আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম
কি ?
→ ‘ভানুমতী’, পদ্মনাথ গোহাঞিবৰুৱা।
* বিহগী কবি, বুলিলে কোন অসমীয়া কবিক বুজায় ?
→ ৰঘুনাথ চৌধীৰীক।
* অসম সাহিত্য সভাৰ প্রথম সভাপতিজনৰ নাম
কি?
→ পদ্মনাথ গোহাঞি বৰুৱা।
* অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ
নাম কি?
→ চন্দ্ৰকান্ত অভিধান (১৯৩৩ চন)।
* অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্রথম
ব্যক্তি কোন?
→ হেমচন্দ্ৰ বৰুৱা।
* বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল?
→ ১৯৫৫ চনৰ ১৬ নৱেম্বৰত।
* বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম
কি?
→ জয়ভদ্র হাগজেব।
* অসমৰ শিক্ষাৰ স্তৰ কেইটা আৰু কি কি?
→ তিনিটা- (১) প্রাথমিক
(২) মাধ্যমিক আৰু
(৩) উচ্চ শিক্ষা।
* সাহিত্য অকাডেমী বঁটা লাভ কৰা “ককাদেউতাৰ
হাড়” পুথিখনৰ লেখক কোন?
→ নৱকান্ত বৰুৱা।
* অসমীয়া ৰোমান্টিক সাহিত্যৰ গুৰি ধৰোঁতা কোন?
→ চন্দ্ৰকুমাৰ আগৰৱালা।
* অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হয়?
→ খ্রীষ্টীয় নবম-দশম শতিকাৰ
* বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি-সাহিত্য কোন আছিল?
→ মহাপুৰুষ শংকৰদেৱ।
* শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল?
→ মাধৱদেৱ।
* শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্রধান পুথিখনৰ নাম
কি?
→ কীৰ্ত্তন ঘোষা।
* প্ৰাক্ বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল?
→ মাধৱ কন্দলি আৰু হেম সৰস্বতী।
* সাহিত্য অকাডেমী বঁটা পোৱা কবি হীৰেণ ভট্টাচাৰ্যৰ
কবিতা পুথিখনৰ নাম কি?
→ সুগন্ধি পখিলা ।
* অসমীয়া ভাষাত প্রথম ব্যাকৰণ ৰচোতা কোন
আছিল?
→ ৰৱিন্সন (১৮৩৯ খ্রীঃ)
* ইংৰাজৰ পৰা “ছাৰ” উপাধি লাভ কৰা প্ৰথমগৰাকী
অসমীয়া কোন?
→ ছাৰ চৈয়দ চাদুল্লা।
* অসমৰ প্রথম চনেট কবি কোন আছিল?
→ হেমচন্দ্ৰ গোস্বামী।
* অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?
→ হেম সৰস্বতীৰ “প্রহ্লাদ চৰিত”।
* অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি
কেতিয়াৰ পৰা হয় ?
→ ‘জোনাকী' কাকত ওলোৱাৰ পৰা।
Read More -
Give suggestion in making this site a better than today